পদ্মা দলং ক লৈ বাংলাদেশ-চীনৰ মাজত আৰম্ভ হৈছে নতুন সংঘাত! পদ্মা দলং ৰ দ্বাৰা নিজৰ সাম্ৰাজ্যবাদী বিস্তাৰ কৰিবলৈ খোজা চীনৰ বিৰুদ্ধে থিয় দিছে এইবাৰ স্বয়ং বাংলাদেশ ।বহুদিনৰেই পৰা চীনে দাবী কৰি আহিছে যে , পদ্মা দলং খন চীনৰ ভুখণ্ড ত অন্তৰ্ভুক্ত । কিন্তু বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি কৈছে যে পদ্মা দলং, চীনৰ ভুখণ্ডৰ অংশ ত নপৰে বুলি স্পষ্ট কৰি দিছে। লগতে বৈদেশিক মন্ত্ৰালয়ে কয় যে , এই বহুমুখী প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ কোনো ধৰণৰ বিদেশী পুঁজি লোৱা হোৱা নাই। পদ্মা দলং কেৱল এখন অভিযান্ত্ৰিক সৃষ্টি নহয় ,ই বাংলাদেশৰ কাৰনে গৌৰৱৰ প্ৰতীক ও ।

বাংলাদেশ ৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্টভাৱে তথা দৃঢ়তাৰে কয় যে পদ্মা বহুমুখী দলংখন সম্পূৰ্ণৰূপে বাংলাদেশ চৰকাৰৰ দ্বাৰা পুঁজিৰ যোগান ধৰা হৈছে আৰু কোনো দ্বিপাক্ষিক বা বহুপক্ষীয় পুঁজি প্ৰদানকাৰী সংস্থাৰ কোনো বিদেশী পুঁজিয়ে ইয়াৰ নিৰ্মাণত আৰ্থিকভাৱে অৰিহণা যোগোৱা নাই। বৈদেশিক মন্ত্ৰালয়ৰ মতে, দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে বাংলাদেশৰ ১৯খন দক্ষিণ-পশ্চিম জিলাক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰাৰ সপোন পূৰণ হ’ব যাৰ ফলত দেশৰ সামূহিক সমৃদ্ধি, আৰ্থ-সামাজিক উন্নয়নৰ লগতে আঞ্চলিক সংযোগ বৃদ্ধি হ’ব।

উল্লেখযোগ্য যে, ঢাকা আৰু চট্টোগ্ৰামৰ মাজত ৰে’লৱে নেটৱৰ্ক নিৰ্মাণৰ বাবে বাংলাদেশ ৰে’লৱে সম্ভাৱনীয়তা অধ্যয়নৰ পিছত চীনে বাংলাদেশত তীব্ৰবেগী ৰে’ল নেটৱৰ্ক প্ৰকল্পৰ ওপৰত চোকা নজৰ ৰাখিছিল । কিন্তু বাংলাদেশ বিদেশ মন্ত্ৰালয় ৰ এনে কঠোৰ মন্তব্য ই চেচাপানী ধালিলে চীনৰ ষড়ষন্ত্ৰ ৰ ওপৰত ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial