প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহৰ। মঙলবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। সোমবাৰৰ পৰা ছলিহ চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিছে।

নতুন দিল্লীত উপস্থিত হোৱাৰ পিছতেই সোমবাৰে ছলিহে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিছিল। জয়শংকৰে কৈছিল যে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু মালদ্বীপৰ ইণ্ডিয়া ফাৰ্ষ্ট নীতি পৰিপূৰক আৰু দুয়োটা নীতিয়ে বিশেষ অংশীদাৰীত্বক আগুৱাই লৈ যায়।

দ্বীপৰাষ্ট্ৰখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বৰ্তমানৰ সংসদৰ অধ্যক্ষ মহম্মদ নাছিদৰ সৈতে তেওঁৰ বৰ্ধিত ৰাজনৈতিক বিভেদৰ মাজত মহম্মদ ছলিহ ভাৰত ভ্ৰমণলৈ আহিছে। ছলিহ আৰু নাছিদ দুয়ো মালদ্বীপিয় গণতান্ত্ৰিক দলৰ জ্যেষ্ঠ নেতা।

মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহে আজি সন্ধিয়াৰ ভাগত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ কথা আছে। তেওঁৰ সৈতে আছে উচ্চ পৰ্যায়ৰ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধি দল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial