
অসমৰ বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰৰ পুৱা বান পৰিস্থিতি আৰু দুৰ্যোগৰ প্ৰস্তুতি আৰু ব্যৱস্থাপনা পৰ্যালোচনা কৰিবলৈ উপায়ুক্ত (DC) আৰু উপ-বিভাগীয় বিষয়া (অসামৰিক) SDOৰে সৈতে এখন বৈঠকত মিলিত হয়।
দৰং জিলাৰ উপায়ুক্তক সকীয়নি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ মন্তব্য কৰিছে যে
“দুই হাত খুলি সাহাৰ্য দিয়ক । আপোনালোকে কাম নকৰে । মানুহে হিচাপে আমি টকা নিদিওঁ। ৰিপ’ৰ্ট দিয়াৰ পূৰ্বে সহায় কৰক , মই ৰিপ’ৰ্টৰ কথা আৰু শুনিব নিবিচাৰো। বানাক্ৰান্তক সাহাৰ্য দিয়াত কোনো পলম নকৰিব।
ইফালে বানাক্ৰান্তক আক্ৰমণ কৰা আৰক্ষীৰ ওপৰতো সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য “পুলিচৰ কাম নেকি বানাক্ৰান্তৰ গাত হাত তোলা? বানাক্ৰান্তক হাত দিবলৈ কোনে অধিকাৰ দিলে আৰক্ষীক ? ক’ত অধিকাৰ পালে বানাক্ৰান্তক গুৰিওৱাৰ ?”
উল্লেখযোগ্য যে যোৱা বছৰৰ দ্বিতীয়টো বানত ৩৩ খন জিলাৰ ৪০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে। বান পৰিস্থিতি ভয়ংকৰ হৈ আছে। উদ্ধাৰ আৰু সাহায্য অভিযানো পূৰ্ণ গতিত চলি আছে।