
জীৱন-মৃত্যুৰে সৈতে যুজঁ দিছে ষ্টেণ্ড-আপ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে। লাখ লাখ লোকৰ হৃদয় জয় কৰা ৰাজু শ্ৰীবাস্তৱ মগজুৱে কাম কৰা বন্ধ কৰি দিছে অৰ্থাৎ ৰাজু শ্ৰীবাস্তৱ ব্ৰেইন ডেড। কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ বাবে সমগ্ৰ দেশতে প্ৰাৰ্থনা কৰা হৈছে। সকলোৱে তেওঁৰ অৱস্থাক লৈ চিন্তিত হৈ পৰিছে।
এসপ্তাহ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈছিল ৰাজু শ্ৰীবাস্তৱ। বুধবাৰে ১০ আগষ্টত জিমত ব্যায়াম কৰোঁতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। যাৰ পিছত তেওঁক লগে লগে দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল। সম্প্ৰতি তেওঁক ICU-ত লাইফ চাপোৰ্টত ৰখা হৈছে।
শ্ৰীবাস্তৱৰ মুখ্য উপদেষ্টা অজিত চাক্সেনাই জানিবলৈ দিয়া অনুসৰি কৌতুক অভিনেতাজনৰ চিকিৎসা কৰা চিকিৎসকসকলে কৈছে যে তেওঁৰ অৱস্থা অধিক অৱনতি হৈছে। হৃদযন্ত্ৰটোৱেও সমস্যাৰ সন্মুখীন হৈছে। গোটেই দলটোৱে এতিয়া এক চমৎকাৰৰ বাবেহে প্ৰাৰ্থনা কৰি আছে।
ইফালে পৰিয়ালটোৱে ৰাইজক যিকোনো উৰাবাতৰি তথা ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে লগতে উৰা বাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈও অনুৰোধ জনাইছে।
উল্লেখযোগ্য ১৯৮০ ৰ দশকৰ পৰা মনোৰঞ্জন উদ্যোগত সক্ৰিয় হৈ থকা শ্ৰীবাস্তৱে ২০০৫ চনত ষ্টেণ্ড-আপ কমেডি শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰাৰ পিছত স্বীকৃতি লাভ কৰে।
তেওঁ মেইনে প্যাৰ কিয়া, বাজিগৰ, বোম্বাই টু গোৱা আৰু আমদানি আথানি খাৰচা ৰূপৈয়াৰ দৰে হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ বিগ বছৰ চিজন তিনিৰ অন্যতম প্ৰতিযোগী আছিল।