ৰাজ্যত চৌপাশে বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে স্তব্ধ হৈ পৰিছে ৰাইজৰ স্বাভাৱিক জনজীৱন। ইয়াৰ সমান্তৰালভাৱে স্তব্ধ হৈ পৰিছে শিক্ষা ব্যৱস্থা ও । এতিয়া অসমৰ একাংশ জিলাৰ বিদ্যালয় বোৰত ভয়াবহ পানী ।কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ কেইখন জিলা বানৰ কৱলত পৰিছে ৷ গুৱাহাটী ৰ পিছতেই নলবাৰীতো সংহাৰী বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ফলত আজিৰেই পৰা অহা ১৮ জুনলৈকে বান পৰিস্থিতিৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে নলবাৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা ।
জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা অহা নিৰ্দেশনা ত জনোৱা হৈছে যে সকলোবোৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান ১৭ আৰু ১৮ জুন লৈ বন্ধ ঘোষনা কৰা হৈছে । ইতিমধ্যে গুৱাহাটী আৰু বৰপেটাৰ জিলা প্ৰশাসনে যোৱাকালি এক নিৰ্দেশনা যোগে জিলাখনৰ সকলোবোৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ৷ এতিয়া বহুকেইখন বিদ্যালয় ৰ চৌহদ আশ্ৰয় শিবিৰ লৈ ৰূপান্তৰিত হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে ঘোষণা কৰা হৈছে যে এই নেৰানেপেৰা বৰষুণ ২০ জুন পৰ্যন্ত চলিব । এই ধাৰাষাৰ বৰষুণ ৰ ফলত ৰাজ্য ৰ বহু কেইটা মথাউৰি ভাগি যোৱাৰ ৰ উপৰিও যথেষ্ট পশুধন ৰ অনিষ্ট সাধন হৈছে ।