
আজি পুৱাৰ ভাগত মেক্সিকোৰ চিনালোয়াত এখন নৌ সেনাৰ হেলিকপ্টাৰ ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনত থকা ১৪ জন লোক নিহত হৈছে আৰু এজন লোক গুৰুতৰভাৱে আহত হৈছে।হেলিকপ্টাৰখনত মুঠ ১৫ জন লোক আছিল।
মেক্সিকান নৌসেনাৰ হেলিকপ্টাৰখন চিনালোয়াৰ লছ মোক্সিছত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰি থকা হৈছে।
বিমান দুৰ্ঘটনাত আহত লোকজন চিনালোয়া ৰাজ্যত চিকিৎসাধীন হৈ আছে। তেওঁৰ অৱস্থা অত্যন্ত সংকটজনক ।
হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও মেক্সিকান ড্ৰাগছ মাফিয়া ৰাফেল কেৰো কুইণ্টেৰোক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। এনে পৰিস্থিতিত, এই দুৰ্ঘটনাৰ সূত্ৰসমূহ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ সৈতে সম্পৰ্কিত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। বৰ্তমান, দুৰ্ঘটনাটো প্ৰতিটো দিশৰ পৰা অনুসন্ধান কৰা হৈছে।
উল্লেখযোগ্য যে ৰাফেল কেৰো কুইণ্টেৰো এজন কুখ্যাত ড্ৰাগ মাফিয়া। মেক্সিকান আৰক্ষীয়ে শুক্ৰবাৰে ৰাফেল কেৰো কুইণ্টেৰোক গ্ৰেপ্তাৰ কৰিছিল। কুইণ্টেৰোক ১৯৮৫ চনত এজন আমেৰিকান এণ্টি-নাৰ্কোটিক্স এজেণ্টৰ হত্যাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। ৰাফেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰাগ এনফৰ্চমেণ্ট এডমিনিষ্ট্ৰেচনৰ প্ৰাক্তন এজেণ্ট এনৰিক ‘কিকি’ কামাৰেনাক হত্যা কৰিছিল। এই ক্ষেত্ৰত, তেওঁক ২৮ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল।