সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে দুজনকৈ ইমামক গ্ৰেপ্তাৰ কৰাৰ দুদিন পিছত মাদ্ৰাছাৰ লগতে মছজিদৰ সন্দৰ্ভত নতুন নিয়ম ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কয় যে মছজিদ আৰু মাদ্ৰাছাসমূহৰ ধৰ্মীয় শিক্ষকসকলে ৰাজ্যৰ বাহিৰৰ পৰা আহিলে চৰকাৰী পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।

দুদিন পূৰ্বে গ্ৰেপ্তাৰ জেহাদীৰ এজনে মছজিদত ইমাম হিচাপে কাম কৰিছিল। তেওঁ জেহাদী নেটৱৰ্ক কেইবাখনো গাওঁলৈ সম্প্ৰসাৰিত কৰিছিল। ৬ জনকৈ বাংলাদেশী নাগৰিকে জেহাদী নেটৱৰ্ক সম্প্ৰসাৰিত কৰিবলৈ অসমত প্ৰৱেশ কৰিছিল। ছয়জন বাংলাদেশী নাগৰিকৰ ভিতৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন আৰু পাঁচজন এতিয়াও পলাতক।

এই ঘটনাৰ পিছতেই সোমাবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে “আমি এখন SOP জাৰি কৰিছো। যদি এজন ইমাম গাওঁলৈ আহে তেনেহলে প্ৰমাণীকৰণৰ বাবে স্থানীয় আৰক্ষীক জনাব লাগিব। এবাৰ আৰক্ষীৰ দ্বাৰা প্ৰমাণিত হোৱাৰ পিছত, মানুহে তেওঁক এজন ইমাম হিচাপে নিযুক্তি দিব পাৰে” ।

“আমি বাহিৰৰ ৰাজ্যৰ পৰা অহা ইমাম আৰু শিক্ষকসকলৰ বাবে পঞ্জীয়ন কৰিবলৈ এটা পৰ্টেল প্ৰস্তুত কৰি আছো”।

“এই নিয়মবোৰ অসমৰ বাসিন্দাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। অসমৰ বাসিন্দাসকলে তেওঁলোকৰ বিৱৰণ পঞ্জীয়ন কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু যিসকল ৰাজ্যৰ বাহিৰৰ পৰা আহিছে তেওঁলোকে পৰ্টেলত তেওঁলোকৰ বিৱৰণ প্ৰবিষ্ট কৰিব লাগিব”।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial