
মহাৰাষ্ট্ৰৰ গণ্ডিয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দুৰ্ঘটনাত ৫০ জনৰো অধিক যাত্ৰী আহত হৈছে। ছত্তীশগড়ৰ পৰা ৰাজস্থানলৈ যাত্ৰা কৰা এখন এক্সপ্ৰেছ ৰে’লে বুধবাৰৰ পুৱতি নিশা মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাত পিছফালৰ পৰা এখন মালবাহী ৰে’লত খুন্দা মাৰে, যাৰ ফলত ইয়াৰ চাৰিটা চকা লাইনচ্যুত হয়।
SECR-ৰ এজন জ্যেষ্ঠ বিষয়াই কয়, “ভগত কি কোঠি এছ এফ এক্সপ্ৰেছ’ৰ (২০৮৪৩) চালকজনে ৰে’লখন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে যাৰ ফলত ৰে’লখনে ইয়াৰ আগত ৰখাই থোৱা এখন মালবাহী ৰে’লত খুন্দা মাৰিছিল।” দুৰ্ঘটনাৰ ফলত আহত যাত্ৰীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
দুয়োখন ৰে’ল একেখন ট্ৰেকত অহাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল। সেউজ সংকেত পোৱাৰ পিছত, বিলাসপুৰ-ভগত কোঠি এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’লখনে অতিক্ৰম কৰিছিল। টেকনিচিয়ানজনৰ পৰা সঠিক সংকেতৰ অভাৱৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল, য’ত ৫০ জনৰো অধিক যাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল আৰু ১৩ জন লোক সামান্য আঘাতপ্ৰাপ্ত হৈছিল।