আজি ৰাতিপুৱা ৰে পৰা টুইটাৰ তথা ছ’চিয়েল মিডিয়াৰ অন্যান্য মাধ্যম বোৰত নৰেন্দ্ৰ মোদী ৰ কেইবাখনো ফটোত লাখ লাখ মানুহে শ্বেয়াৰ আৰু লাইক কৰিছে ।

উল্লেখ্য যে , আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃ হীৰাবেন মোডীৰ জন্মদিন উপলক্ষে গুজৰাটৰ গান্ধীনগৰ ত উপস্থিত হয় ।আজি জন্মদিন উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে মাতৃৰ আশীৰ্বাদ বিচাৰি মাতৃ হীৰাবেন ৰ ভৰি ধুই দিয়ে।১৯২৩ চনৰ ১৮ জুনত জন্মগ্ৰহণ কৰা হিৰাবেন মোদীয়ে আজি ১০০ বছৰত ভৰি দিয়ে । এই উপলক্ষে বদনগৰৰ হটকেশ্বৰ মন্দিৰত অনুষ্ঠিত হ’ব এখন বিশেষ পূজা।ইয়াৰ সমান্তৰালকৈ ভাৰতৰ বিখ্যাত কণ্ঠশিল্পী অনুৰাধা পৰৱাল লগতে অন্যান্য শিল্পীয়ে এই অনুষ্ঠানত গীত পৰিবেশন কৰিব ।

নৰেন্দ্ৰ মোদীয়ে টুইট কৰি এটা ব্লগ পোষ্ট কৰি মাতৃৰ ১০০ সংখ্যক জন্মদিন উপলক্ষে আনন্দ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি লিখি কয় যে পিতৃ জীয়াই থকা হ’লে ২০২২ চনত তেওঁ ও শতবাৰ্ষিকী সম্পূৰ্ণ কৰিলেহেঁতেন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃৰ বাবে এটা ব্লগ উচৰ্গা কৰি তেওঁৰ ত্যাগৰ লগতে তেওঁৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে । মোদীয়ে লিখিছে, “এগৰাকী মাতৃয়ে কেৱল সন্তান জন্ম দিয়াই নহয়, তেওঁলোকৰ মন, ব্যক্তিত্ব, আত্মবিশ্বাসো গঢ় দিয়ে।” “মোৰ মা যিমান সহজ সিমানেই অসাধাৰণ। ঠিক সকলো মাতৃৰ দৰেই! মই মোৰ মাৰ বিষয়ে লিখি থাকোঁতে মই নিশ্চিত যে আপোনালোকৰ বহুতেই তেওঁ ৰ বিষয়ে মোৰ বৰ্ণনাৰ সৈতে সম্পৰ্ক স্থাপন কৰিব। পঢ়ি থাকোঁতে হয়তো আপোনালোকে নিজৰ মাৰ প্ৰতিচ্ছবিও দেখিব”। নিশ্চিতভাৱে, মা মায়েই । ই এক আপোচ বিহীন সত্তা ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial