আজি ৬ আগষ্ট, এক ক’লা দিন যাক সমগ্ৰ বিশ্বই হিৰোছিমা দিৱস বুলি জানে আৰু জাপানে বিচাৰিলেও এই দিনটো পাহৰিব নোৱাৰে। ১৯৪৫ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰই হিৰোছিমাত এটা পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিল। মিনিটতে ধ্বংস হৈ গৈছিল এখন চহৰ।
উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধ ১৯৩৯ চনত আৰম্ভ হৈছিল। যুদ্ধৰ ছয় বছৰ পাৰ হৈ যোৱাৰ পিছতো কিন্তু জাপানৰ আক্ৰমণাত্মক স্থিতি বন্ধ হোৱাৰ নাম লোৱা নাছিল। ১৯৪৫ চনলৈ যুদ্ধই এক বিশেষ গতি লাভ কৰে। যাৰ বাবে আমেৰিকাই জাপানক এটা পাঠ শিকাব বিচাৰিছিল। ১৯৪৫ চনৰ ৬ আগষ্টত আমেৰিকাই এনে এটা কাম কৰাৰ পৰিকল্পনা কৰিছিল যিটো কোনেও কল্পনা কৰা নাছিল।
হঠাতে ১৯৪৫ চনৰ ৬ আগষ্টত ৰাতিপুৱা প্ৰায় ৮ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোছিমা চহৰত এটা পাৰমাণৱিক বোমা নিক্ষেপ কৰে। এই বোমাৰ ফলত ৮০,০০০ ৰো অধিক লোক নিহত হৈছিল। পাৰমাণৱিক বিস্ফোৰণৰ পিছত উৎপন্ন হোৱা তাপৰ ফলত মানুহ জ্বলি গৈছিল। ১-২ মিনিটৰ ভিতৰত হিৰোছিমা চহৰৰ ৮০% এলেকা ধ্বংস হৈ গৈছিল। কেৱল এয়াই নহয়, মৃত্যুৰ উপৰিও পাৰমাণৱিক বিকিৰণৰ সৈতে সম্পৰ্কিত ৰোগৰ ফলত কেইবা মাহৰ পিছত হাজাৰ হাজাৰ লোক ক্ৰমান্বয়ে মৃত্যুমুখত পৰিছিল।
৯ আগষ্টৰ পুৱা ১১ বজাত আমেৰিকাই নাগাচাকি চহৰত দ্বিতীয় পাৰমাণৱিক বোমা নিক্ষেপ কৰে। যি সময়ত জাপানে হিৰোছিমা আক্ৰমণৰ পৰা উদ্ধাৰ হোৱাই নাছিল। এই আক্ৰমণত ৪০,০০০ ৰো অধিক লোক নিহত হৈছিল। কোৱা হয় যে আক্ৰমণৰ পিছত কেইবা বছৰ ধৰি পাৰমাণৱিক বিকিৰণৰ ফলত চাৰিওফালৰ অঞ্চলত বিকলাঙ্গ শিশুৰ জন্ম হৈছিল। এই দুটা বিস্ফোৰণৰ পিছত জাপানে আত্মসমৰ্পণ কৰে আৰু দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হয়।
পাৰমাণৱিক আক্ৰমণৰ পিছত লাখ লাখ লোক তেজস্ক্ৰিয়তাৰ ভুক্তভোগী হৈছিল। বহুতো লোক এতিয়াও জীয়াই আছে আৰু আৰু চিকিৎসাৰ বাবে আইনী যুঁজ দি আছে। এবছৰ পূৰ্বে এখন আদালতে ৮৪ জন লোকক চিকিৎসা সুবিধাৰ বাবে নিৰ্দেশ দিছিল।