আজি সমগ্ৰ মুছলমান বিশ্বতেই বিজেপি ৰ প্ৰাক্তন সদস্যা নুপুৰ শৰ্মা ক লৈ বিতৰ্ক । তেওঁ কৰা দোষ এইটো আছিল যে তেওঁ হজৰত মহম্মদ ৰ জীৱনৰ এটি সত্য ঘটনা সকলোৰে আগত নিৰ্ভিক ভাৱে দাঙি ধৰিছিল । মুছলমান ৰ ধৰ্মীয় অনুভৱ ত আঘাত হোৱা বুলি টুইট কৰি বিশ্বৰ বিভিন্ন মুছলমান দেশবোৰৰ সংগঠন Organization of Islamic Cooperation য়ে নুপুৰৰ বিৰুদ্ধে কঠোৰ হ’বলৈ ভাৰত চৰকাৰক আহ্বান কৰে । ইতিমধ্যে নুপুৰ শৰ্মা ক বিজেপি ৰ সকলো পদৰ পৰা অব্যাহতি দিয়া হৈছে । এই সকলোবোৰ ৰ উদ্দেশ্য আছিল মাত্ৰ এটায়েই যে নুপুৰ শৰ্মা ই ইছলামিক ধৰ্মীয় আবেগ ত আঘাত দিছিল । কিন্তু হিন্দু ধৰ্মৰ দেৱ দেৱী ,সাধু সন্যাসী সকলৰ ওপৰত বছৰ বছৰ ধৰি একাংশ মুছলমানে ভাৰতৰ ভিতৰত তথা বাহিৰত ইচ্ছাকৃতভাৱে বিভিন্ন বিকৃত ভিডিঅ’ , চিত্ৰ অংকনে জানো হিন্দু সমাজক কষ্ট দিয়া নাই । আজি মুছলমান দেশ সকলে কৈছে ভাৰতত মুছলমান সকলৰ ওপৰত অত্যাচাৰ হৈছে কিন্তু এয়া জানো সত্য । তাৰ সমান্তৰালকৈ মুছলমান ৰাষ্ট্ৰবোৰত অনা মুছলমান ৰ কেনেকৈ অত্যাচাৰ কৰি থকা হৈছে সেই সম্পৰ্কে তেওঁ লোকে টুইট কৰা আমি দেখিছোঁ নে ? অকল মোৰ আল্লাহ বিশেষ , বাকী বোৰ চয়তান , এই মানসিকতা মুছলমান ৰাষ্ট্ৰ সকলে এৰিব লাগিব । মুছলমান ৰাষ্ট্ৰ ৰ বিদেশ মন্ত্ৰী ৰ টুইটত অনা মুছলমান ৰ সপক্ষে থিয় দিয়া টুইট দেখা পালে গম পালো হয় তেওঁলোক সচা অৰ্থ ত কিমান উদাৰ । কোনোৱেই কিবা এখন কাৰ্টুন , এটা কথা কলেই বুলি তেওঁ ক গুলিয়াই মাৰা , হত্যা কৰা এইবোৰ জানো সহ্য কৰিব পাৰি । এখন কিতাপ , এজন মুখ্য নবী , এটা আদৰ্শ ই শ্ৰেষ্ঠ বুলি ভাবি থকাবোৰ জানো সমাজৰ কাৰনে ভয়ংকৰ নহয় । কথাবোৰ বিশ্লেষণ ৰ প্ৰয়োজন । ইমান আকোৰগোজ ত আজিৰ তাৰিখত কোনেও চলিব নোৱাৰে । অকল মুছলমান ৰ সমস্যা য়েই বিশ্ব ৰ সমস্যা বুলি ভাবি আগবাঢ়িলে সমাজত কেতিয়াও সমতা আহিব নোৱাৰে । Why didn’t MF Husain paint Allah the way he painted Saraswati ! সমাজৰ প্ৰতিটো ধৰ্মাৱলম্বী মানুহক ধৰ্মীয় আবেগ ক সন্মান জনোৱাটো আমাৰ নৈতিক দায়িত্ব ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial