
আকৌ এবাৰ লস্কৰ- ই-তৈৱা ৰ এজন সন্ত্ৰাসবাদী ক এনকাউন্টাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই । বাৰামুলাৰ পট্টন অঞ্চল ৰ বাসিন্দা আছিল সন্ত্ৰাসবাদী জন । ইৰছাদ আহমেদ ভট্ট বুলি চিনাক্ত কৰা হয় সন্ত্ৰাসবাদী জনক ।
বাৰামুলাৰ বিনেৰ অঞ্চলত ৰাষ্ট্ৰীয় ৰাইফল , বিশেষ পেৰা বাহিনী আৰু এছ অ’ জি দলৰ যৌথ অভিযানত আৰম্ভ হৈছিল এই অভিযান । নিহত সন্ত্ৰাসবাদী জনৰ লগত এটা এ কে-৪৭ ৰাইফল আৰু দুটা মেগজিন উদ্ধাৰ কৰা হয় । বিজেপি চৰকাৰৰ আপোচ বিহীন সন্ত্ৰাসবাদ দমন নীতিৰ ফলত সন্ত্ৰাসবাদী কাৰ্যকলাপ ত আগতকৈ যথেষ্ঠ খিনি প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ।