উত্তৰ প্ৰদেশৰ ৰাজহুৱা স্থানত পূজা কৰা সন্দৰ্ভত আছে নিষেধাজ্ঞা । ইয়াৰ পিছতো এই চৰকাৰী আদেশ উলংঘনৰ ঘটনাবোৰ দিনক দিনে অধিক সংঘটিত হৈছে। লুলু মলৰ পিছত এইবাৰ প্ৰয়াগৰাজ জংচনৰ প্ৰতীক্ষা কক্ষত নামাজ বিতৰ্কৰ এটা ঘটনা পোহৰলৈ আহিছে।
প্ৰতিবেদন অনুসৰি, ১২জনতকৈও অধিক নাবালক মুছলমান কিশোৰে প্ৰতীক্ষাকক্ষত একেলগে নামাজ পঢ়িছিল। তেওঁলোকৰ লগত ইমামো উপস্থিত আছিল। নামাজৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছত, ৰাজহুৱা স্থানত নামাজৰ বিষয়টো আকৌ এবাৰ চৰ্চালৈ আহিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, কিশোৰৰ সৈতে ৰে’লত যাত্ৰা কৰি আছিল মৌলানা আব্দুৰাবে। মহানন্দ এক্সপ্ৰেছখন ৰখোৱাৰ পিছত ৰে:লৰ পৰা নামি মৌলানাই কিশোৰসকলৰ সৈতে প্ৰতীক্ষাকক্ষত নামাজ পঢ়িছিল। যেতিয়া মৌলানাই এই কামটো কৰি আছিল, প্ৰতীক্ষাকক্ষত উপস্থিত বহুলোকেও তেওঁৰ কাৰ্য্যৰ বিৰোধিতা কৰিছিল, কিন্তু মৌলানাই ইয়াক শুনিবলৈ অস্বীকাৰ কৰিছিল আৰু ইয়াক তেওঁৰ বিশ্বাসৰ বিষয় বুলি কৈছিল।
প্ৰয়াগৰাজ জংচনৰ এক নম্বৰ প্লেটফৰ্মত প্ৰতীক্ষাকক্ষৰ ওচৰত GRP আৰু RPFকো নিয়োজিত কৰা হৈছে। কিন্তু তাত উপস্থিত থকা কোনো অআৰক্ষীয়ে তেওঁলোকক এই কাম কৰিবলৈ বাধা দিয়া নাছিল।
প্ৰতিবেদন অনুসৰি মৌলানাই কেৱল এবাৰেই নহয়, তিনিবাৰ ওৱেটিং ৰুমত একেলগে নামাজ পঢ়িছিল। ইয়াৰ পিছতো মৌলানাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।
উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ ৰাজহুৱা স্থানত যিকোনো ধৰণৰ ধৰ্মীয় কাৰ্যকলাপৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আছে। ইয়াৰ পূৰ্বেও এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ যুৱক-যুৱতীয়ে লক্ষ্ণৌৰ মুকলি লুলু মলত গৈ প্ৰাৰ্থনা কৰিছিল, যাৰ ফলত যথেষ্ট বিতৰ্ক হৈছিল। ইয়াৰ প্ৰতিবাদত, হিন্দু সংগঠনসমূহেও সেই স্থানত গৈ হনুমান চালিছা পাঠ কৰাৰ কথা ঘোষণা কৰিছিল। যাৰ পিছত যোগী চৰকাৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছিল আৰু নামাজ পঢ়া কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।