অসমৰ কেইবাটাও তথাকথিত পোৰ্টেল চেনেলত ভাইৰেল এটা ভিডিঅ’। ভাইৰেল ভিডিঅ’টোৱে লোকসকলক FASTag প্ৰণালীটোৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।ভিডিঅ’টোত দেখুওৱা হৈছিল যে এজন শিশুৱে উইণ্ডশ্বিল্ড পৰিষ্কাৰ কৰাৰ অজুহাতত তেওঁৰ স্মাৰ্টৱাচ ব্যৱহাৰ কৰি এখন গাড়ীত গোপনে ফাষ্টাগ স্কেন কৰি আছে। পিছত, যেতিয়া গাড়ীৰ ভিতৰত থকা এজন ব্যক্তিয়ে শিশুটোৰ স্মাৰ্টৱাচৰ বিষয়ে প্ৰশ্ন কৰে তেতিয়া শিশুটো পলাই যায়। পিছত, গাড়ীখনৰ এজন আৰোহীয়ে আনজনক জনায় যে এইটো FASTag হেকিং কৰা আৰু ইয়াৰ লিংক কৰা একাউণ্টৰ পৰা ধন চুৰি কৰাৰ বাবে এক কেলেংকাৰী।

অসমৰ কেইবাটাও তথাকথিত পোৰ্টেল চেনেলবোৰে এই ভিডিঅ’টো প্ৰকৃত ঘটনা বুলি দাবী কৰি শ্বেয়াৰ কৰিছিল । কিন্তু ইতিমধ্যে উত্তৰ প্ৰদেশৰ চাইবাৰ ক্ৰাইম SP ত্ৰিবেণী সিঙে কৈছে যে Fastag হেক কৰাটো কাৰিকৰীভাৱে অসম্ভৱ। “এইটো ভিত্তিহীন আৰু এই সন্দৰ্ভত এতিয়ালৈকে কোনো এজাহাৰ পঞ্জীয়ন কৰা হোৱা নাই। আমি সেই স্থানলৈ যাবলৈ চেষ্টা কৰি আছো য’ৰ পৰা এনে প্ৰৱঞ্চনাটো বিয়পি পৰিছিল”। ইতিমধ্যে PIB য়ে ও ভিডিঅ’টো ভিত্তিহীন বুলি কয় , প্ৰতিটো টোল প্লাজাৰ এক কোড আছে যাক এটা নিৰ্দিষ্ট জিঅ’কোড আৰু বেংকৰ সৈতে মেপ কৰা হয়।PIB ৰ লগতে Paytmয়ে ও ভিডিঅ’টো খাৰিজ কৰি কৈছিল যে Fastag পৰিশোধ কেৱল কৰ্তৃত্বপ্ৰাপ্ত Authority ৰ দ্বাৰাহে কৰিব পাৰি।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial