
উল্লেখযোগ্য যে এইবাৰ মেট্ৰিক পৰীক্ষাত ৪,০৫৫৮২ জনে এই পৰীক্ষা দিছিল আৰু ইয়াৰ ভিতৰত ২,২৯১৩১ জনেহে পাছ কৰিবলৈ সক্ষম হয় । অৰ্থাৎ মাত্ৰ ৫৬.৪৯ শতাংশ পাছ । আনহাতে ১,৭৬,৪৫১ শতাংশ ই ফেল কৰে অৰ্থাৎ ৪৩.৫০ শতাংশ ফেইল । হোজাই , চিৰাং , গোৱালপাৰা , বঙাইগাঁও, ধুবুৰী, হাইলাকান্দি, কৰিমগঞ্জ, কোকৰাঝাৰ , শোণিতপুৰ , তিনিচুকীয়া, ওদালগুৰি , ৱেষ্ট কাৰ্বি আংলং ,কাৰ্বি আংলং আজি কিছুমান জিলাত উৰ্ত্তীণ ৰ হাৰৰ ৩০ ৰ পৰা ৪০ শতাংশ ৰ ঘৰত । ইয়াৰোপৰি যোৱাবাৰ মেট্ৰিক পৰীক্ষাত ১৪,৩০৫ জনে পৰীক্ষা দিয়া নাই , ৩১ ৰ ৰিজাল্ট এতিয়াও ঘোষণা নাই হোৱা আৰু ২০৯ জন ছাত্ৰ ছাত্ৰী ক বহিস্কাৰ কৰা হয় । এনে ধৰনৰ উৰ্ত্তীণ হাৰ ২০১৭ আৰু ২০১৮ চনত দেখিবলৈ পোৱা গৈছিল । এইবাৰো চৰকাৰী বিদ্যালয় ৰ পৰা মেট্ৰিক পৰীক্ষা ফেল কৰা ছাত্ৰ ছাত্ৰী ৰ সংখ্যা অধিক ।
কিন্তু কিয় এই দুৰ্দশা । ছাত্ৰ ছাত্ৰী ৰ পঢ়াৰ প্ৰতি অনিহা , শিক্ষক ৰ learning outcomes ৰ ওপৰত অনিহা নে ঘৰৰ পৰিবেশ , এই তিনিওটা ৰ কোনো এটা কাৰণ হ’ব লাগিব । ঘৰত থকা স্মাৰ্ট ফোন , ঘৰত চলি থকা কাজিয়া গালি বোৰে আপোনাৰ ছাত্ৰ ছাত্ৰী ক ওপৰত বিৰূপ প্ৰভাৱ নাই পেলোৱা নে ? নিজে অনুভৱ কৰক । আপোনাৰ আবেলিৰ পৰা ৰাতি লৈ চলি থকা টিভিৰ ছিৰিয়েল খন ৰ কথা ভাবকচোন । কিমান সময় আপুনি আপোনাৰ সন্তান ক সময় দিছে , মাত্ৰ এটা বা দুটা টিউচন দিলেই আপোনাৰ দায়িত্ব শেষ নেকি ? আপুনি চৰকাৰী বিদ্যালয় ৰ অভিভাৱক ৰ মিটিংখনত পঢ়াৰ কথা আলোচনা কৰিছে নে ? ঘৰত পঢ়াৰ প্ৰতি ৰূচি বঢ়াবলৈ কি কৰিছে ? নে আপুনি এনেদৰে কৈছে তহত ৰ দৰে সুবিধা পোৱা হ’লে আমি ! বৰ্ণমালা , যুক্তাক্ষৰ , বাক্য গঠন ত আপুনি সৰুতেই ল’ৰা ছোৱালী টোক গুৰুত্ব দিছিল নে ?
এতিয়া এই ছাত্ৰ ছাত্ৰী খিনি ক লৈ আমি পৰিকল্পনা কৰিব লাগে সচা অৰ্থ ত। প্ৰতিখন গাঁৱ ত থকা হাইস্কুল খনত মেট্ৰিক ত উৰ্ত্তীণ হ’ব নোৱাৰা ছাত্ৰ ছাত্ৰী খিনি ক আমি আগুৱাই আনিব লাগিব নহ’লে এই সকল ছাত্ৰ ছাত্ৰী গোটেই জীৱন অৱহেলিত হৈ ৰৈ যাব । সমাজৰ বিভিন্ন সংগঠন তথা বিজ্ঞ সমাজে এইক্ষেত্ৰত আগুৱাই আহিলে নিশ্চয় কৈ অসমীয়া সমাজৰ যথেষ্ট উপকাৰ হ’ব ।