শেহতীয়াকৈ অসম কেবিনেটে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, বিশেষকৈ অৰ্থনৈতিকভাৱে দুৰ্বল সকলৰ বাবে আনিছে বিশেষ সকাহ । শেহতীয়াকৈ অসম কেবিনেটে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণ ৰ পৰিসৰ বৃদ্ধি কৰে। এতিয়াৰে পৰা যিসকল ব্যক্তিৰ গ্ৰাম্য অঞ্চলত ৩০ বিঘা পৰ্যন্ত কৃষিভূমি আছে; চহৰ অঞ্চলৰ ২ বিঘা পৰ্যন্ত মাটি আৰু পৌৰসভা এলেকাৰ ৮,৬৪০ বৰ্গফুটলৈকে মাটি তেওঁলোকৰ মুঠ বাৰ্ষিক আয় ৮ লাখ টকাৰ তলত হ’লে ই ডব্লিউ এছ প্ৰমাণ পত্ৰ লাভ কৰাৰ যোগ্য হ’ব। ই ডব্লিউ এছ প্ৰমাণ পত্ৰ হৈছে সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ নাগৰিকসকলক প্ৰদান কৰা আয় আৰু সম্পত্তিৰ প্ৰমাণ পত্ৰ। প্ৰচলিত নিয়ম অনুসৰি অনুসূচিত জাতি, জনজাতি আৰু অবিচিৰ বাবে সংৰক্ষণৰ আঁচনিৰ অধীনত সামৰি নথকা আৰু পৰিয়ালৰ মুঠ বাৰ্ষিক আয় ৮ লাখ টকাৰ তলত থকা ব্যক্তিক ই ডব্লিউ এছ হিচাপে চিনাক্ত কৰা হৈছে।

চৰকাৰী চাকৰি, শিক্ষানুষ্ঠান আদিত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ ১০ % যদিও কিছুমান কঠোৰ মাপকাঠীৰ বাবে বিশেষকৈ অসমৰ বহু যোগ্য লোকে ই ডব্লিউ এছৰ প্ৰমাণ পত্ৰ লাভ কৰাত অসুবিধাৰ সন্মুখীন হয়। অসমৰ কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয়, ‘ই ডব্লিউ এছ প্রার্থীক চৰকাৰী চাকৰি আৰু নামভর্তি লাভ কৰাত বাধা আঁতৰাবলৈ পৌৰ নিগম তথা নগৰ সমিতিৰ এলেকাৰ বিল্ড-আপ এলেকাৰ মাপকাঠী বর্তমানৰ নীতি-নিয়মৰ পৰা প্রায় দুগুণ বৃদ্ধি কৰা হৈছে অৰ্থাৎ ১০০০ বর্গ ফুটৰ পৰা ২০০০ বৰ্গফুট লৈ।

নিশ্চয়কৈ অসম চৰকাৰৰ এয়া এক উল্লেখযোগ্য পদক্ষেপ। সাধাৰণ শ্ৰেণীৰ অত্যন্ত দুখীয়া তথা যোগ্য সকলে এই প্ৰমাণপত্ৰ ৰ সহায়ত অনাগত সময়ত যথেষ্ট খিনি সকাহ লাভ কৰিব পাৰিব ।অন্য প্ৰমান পত্ৰৰ দৰে, বিদ্যালয় ,কলেজ তথা বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰিলে চৌহদতেই এই প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰিলে ছাত্ৰ ছাত্ৰী সকল যথেষ্ঠ উপকৃত হ’ব বুলি সচেতন মহলে জানিবলৈ দিয়ে ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial