দিল্লীত আম আদমী পাৰ্টি চৰকাৰৰ সুৰা কেলেংকাৰীক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে জানিব পৰা গৈছে যে লেফটেনেণ্ট গভৰ্ণৰ বিনাই কুমাৰ চাক্সেনাৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুগৰাকীকৈ বিষয়াক কৰিছে নিলম্বন। তদানীন্তন আবকাৰী আয়ুক্ত আৰাভা গোপী কৃষ্ণা আৰু উপ আবকাৰী আয়ুক্ত আনন্দ কুমাৰক নিলম্বন কৰিছে। আবকাৰী কেলেংকাৰীত দুয়োজন বিষয়াৰ নাম উল্লেখ কৰা হৈছিল আৰু ১৯ আগষ্টত CBI-য়ে দুয়োজনৰ চৌহদত তালাচী চলাইছিল। 

উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে দিল্লীস্থিত LG ভি কে চাক্সেনাই সতৰ্কতা সঞ্চালকালয়ৰ তদন্ত প্ৰতিবেদনৰ আধাৰত ১১ জন বিষয়াক নিলম্বন কৰিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুমোদন জনাইছিল। এই সকলো বিষয়াৰ বিৰুদ্ধে দিল্লীৰ নতুন আবকাৰী নীতি (২০২১-২২) প্ৰস্তুত আৰু ৰূপায়ণৰ নিয়মবোৰ উপেক্ষা কৰাৰ অভিযোগ আছে।

তেওঁলোকে নিবিদা চূড়ান্ত কৰাত অনিয়ম কৰিছে আৰু নিৰ্বাচিত বিক্ৰেতাসকলক লাভান্বিত কৰিছে বুলি অভিযোগ কৰা হৈছে। ভিজিলেন্স সঞ্চালকালয়ৰ প্ৰতিবেদনত ব্যাপক অনিয়মৰ কথা উল্লেখ কৰা হৈছে, যাৰ পিছত LGয়ে বিষয়টোৰ CBIৰ তদন্তৰ পৰামৰ্শ দিছিল। গোচৰটো অৰ্থনৈতিক অপৰাধ শাখাৰ দ্বাৰাও তদন্ত কৰা হৈছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial