
দেৱী কালীয়ে চিগাৰেট সেৱন কৰা এখন তথ্যচিত্ৰৰ পোষ্টাৰৰক লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই শনিবাৰে এখন সংবাদ মেল সম্বোধন কৰে। ৰাজস্থানৰ ঝুনঝুনুত অনুষ্ঠিত হৈ থকা তিনিদিনীয়া অখিল ভাৰতীয় প্ৰান্ত প্ৰচাৰক বৈঠকত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি RSS ৰ ফালৰ পৰা কোৱা হয় যে কাৰো ধৰ্মীয় সংবেদনশীলতাক কোনেও অসন্তুষ্ট কৰিব নালাগে।
RSS-ৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে কয়, “ভাৰতত সৃষ্টিশীল স্বাধীনতা এক পৰম্পৰা হৈ আহিছে। কিন্তু কোনেও কাৰো ধৰ্মীয় অনুভূতিক আঘাত কৰিব নালাগে। সকলোৱে সেই বিষয়ে সাৱধান হোৱা উচিত।”
সমান্তৰালকৈ RSS য়ে উদয়পুৰত কানহাইয়া লালৰ শিৰচ্ছেদক ও গৰিহণা দিয়ে । RSS য়ে কয় যে সময়ে সময়ে হিন্দুসকল জঘন্য অপৰাধৰ দ্বাৰা ক্ষুব্ধ হৈ আহিছে। সুনীল আম্বেকাৰে কয়, ” মুছলিম সমাজেও আগবাঢ়ি আহি উদয়পুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে মাত মাতিব লাগে।”
ভাৰতৰ ইছলামপন্থীসকলে নুপুৰ শৰ্মা আৰু সামাজিক মাধ্যমত তেওঁক সমৰ্থন কৰা সকলক বাৰে বাৰে মৃত্যুৰ ভাবুকি প্ৰদান কৰি আছে। এই বিষয়টো সম্বোধন কৰি সুনীল আম্বেকাৰে কয়, “কিছুদিন ধৰি হিন্দু মানুহক ভাবুকি প্ৰদান কৰা হৈছে। যদি আপুনি কাৰোবাৰ সৈতে একমত নহয়, শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ উপায় আছে। কাৰো হত্যা কৰাৰ অধিকাৰ নাই।”
কিছুদিন দিন আগতে, লীনা মণিমেকলাইৰ দ্বাৰা পৰিচালিত এখন তথ্যচিত্ৰ কালীৰ পোষ্টাৰত হিন্দু দেৱী কালীক চিগাৰেট সেৱন কৰা আৰু সমকামিতা ক সমৰ্থন কৰা এক সম্প্ৰদায়ৰ গৌৰৱৰ পতাকা হাতত ধৰি থকা দেখুওৱা হৈছিল।
ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বাবে পৰিচালক লীনা মণিমেকলাইৰ বিৰুদ্ধে ইতিমধ্যে বহুতো গোচৰ ৰুজু কৰা হৈছে। এই ছবিখনৰ পোষ্টাৰক লৈ হোৱা বিতৰ্কৰ বিষয়ে এটা প্ৰশ্নৰ উত্তৰ দি তৃণমূল কংগ্ৰেছ দলৰ সাংসদ মহুয়া মৈত্ৰাই দেৱী কালীৰ বিষয়ে অপমানজনক মন্তব্য কৰাৰ সময়ত বিতৰ্কই অধিক চৰ্চা লাভ কৰে।
উল্লেখযোগ্য যে ২০২৫ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ইয়াৰ শতবাৰ্ষিকী বৰ্ষ উদযাপন কৰিব। বাৰ্ষিক প্ৰান্ত প্ৰচাৰক বৈঠকত RSS য়ে আগন্তুক বছৰবোৰত বিকাশৰ বাবে ইয়াৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰি আছে। সুনীল আম্বেকাৰে কয়, “RSS য়ে ২০২৫ বৰ্ষ ত ১০০ বছৰ সম্পূৰ্ণ কৰিব। আমি ‘শতাব্দী বৰ্ষ’ৰ বাবে RSSৰ সম্প্ৰসাৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।”
তিনিদিনীয়া সমাৱেশত RSSৰ মুৰব্বী মোহন ভাগৱত, মনমোহন বৈদ্য, অৰুণ কুমাৰ, ড: কৃষ্ণ গোপাল আৰু চি আৰ মুকুন্দকে ধৰি RSS ৰ শীৰ্ষ ব্যক্তিসকলে অংশগ্ৰহণ কৰে।