
২০১১ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ সেৱা খণ্ডৰ কাৰ্যকলাপ সৰ্বোচ্চ স্তৰত আছে। এক জৰীপত কোৱা হৈছে যে ব্যয় বৃদ্ধি হোৱা স্বত্বেও, চাহিদাৰ স্থিতি উন্নত হোৱাৰ বাবেই হৈছে এই উন্নতি। ঋতু অনুসৰি সমাযোজিত S&P গ্লোবেল ইণ্ডিয়া সেৱা PMI ব্যৱসায় কাৰ্যকলাপ সূচক মে’ত ৫৮.৯ ৰ পৰা জুনত ৫৯.২ লৈ বৃদ্ধি পাইছে। এপ্ৰিল ২০১১ ৰ পিছত এইয়া হৈছে সৰ্বোচ্চ স্তৰ।
সেৱা খণ্ডত একেৰাহে ১১ তম মাহৰ বাবে উৎপাদন বৃদ্ধি পাইছে। S&P গ্লোবেল মাৰ্কেট ইণ্টেলিজেঞ্চৰ যুটীয়া সঞ্চালক পলিয়ানা ডি লিমাই কৈছিল যে সেৱাৰ চাহিদা ফেব্ৰুৱাৰী ২০১১-ৰ পিছত আটাইতকৈ ডাঙৰ উন্নতি দেখা গৈছে আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ সম্প্ৰসাৰণৰ দ্বাৰা শক্তিশালী হৈছে।
১জুলাইত নিৰ্মাণ সূচকৰ (PMI) তথ্যত, জুনত উৎপাদন কাৰ্যকলাপ লেহেমীয়া হৈছিল। জুনত, ই ৫৩.৯ লৈ হ্ৰাস পাইছিল। পূৰ্বৰ মাহত অৰ্থাৎ মে’ত, সূচক আছিল ৫৪.৬। S & P গ্লোবেল ইণ্ডিয়াই প্ৰদান কৰা তথ্য অনুসৰিয়েই এই তথ্যবোৰ মুকলি কৰা হৈছিল।
বাই মেনেজাৰ ইণ্ডেক্সৰ ভাষাত ৫০-তকৈ অধিক নম্বৰৰ অৰ্থ হৈছে কাৰ্যকলাপবোৰ সম্প্ৰসাৰিত হৈ আছে, আনহাতে ৫০-ৰ তলৰ পইণ্টবোৰে সংকোচন সূচায়। সম্প্ৰতি দেশত ব্যৱসায়িক কাৰ্যকলাপৰ বৃদ্ধি আৰু নতুনকৈ নিযুক্তি বৃদ্ধিৰ ফলত সেৱা খণ্ডৰ কাৰ্যকলাপৰ উন্নতি হৈছে।