পাকিস্তানৰ ঘোটকীৰ দাহেৰজীলৈ তীৰ্থযাত্ৰাৰ পথত এটা হিন্দু পৰিয়ালক আক্ৰমণ স্থানীয় পাকিস্তানী ৰাজনীতিবিদৰ।

পিতাফি জনজাতিৰ নেতাজনে তেওঁৰ গুণ্ডাসকলক হিন্দু পৰিয়ালক আক্ৰমণ কৰিবলৈ দিছিল। গাড়ীৰ আইনা ভাঙিছিল আৰু পৰিয়ালৰ পুৰুষ আৰু মহিলাসকলক হাৰাশাস্তি কৰিছিল । পৰিয়ালটোৰ এটাই দোষ আছিল যে তেওঁলোকৰ আইচক্ৰীমৰ এটা ৰেপাৰ উৰি গৈ নেতাজনৰ গাড়ীত পৰিছিল। ভুক্তভোগী অজয় কুমাৰৰ মতে, গুণ্ডাসকল আহি কোনো কাৰণ নোহোৱাকৈ তেওঁলোকক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

পাকিস্তানী স্থানীয় সংবাদ মাধ্যমৰ মতে অজয় কুমাৰে অঞ্চলটোৰ এটা মন্দিৰ ৰাহাৰকি চাহিবৰ পৰা উভতি আহি আছিল আৰু পাকিস্তানী ৰাজনীতিবিদ ড০ চামছেৰ পিতাফিৰ গাড়ী পাৰ হৈ গৈছিল। কুমাৰে নেতাজনৰ বাহন অতিক্ৰম কৰাৰ পিছতই পিতাফি ক্ষোভিত হৈ তেওঁলোকক অনুসৰণ কৰে আৰু আক্ৰমণ কৰাইছিল। ইতিমধ্যে সিন্ধু আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশ্বাস দিছে।

উল্লেখযোগ্য যে পিতাফি পাকিস্তানী ৰাজনীতিবিদৰ আত্মীয়। তেওঁ সিন্ধৰ পশুধন আৰু মীন পালন মন্ত্ৰী আব্দুল বাৰী পিতাফিৰ সম্পৰ্কীয় ভাতৃ। প্ৰতিবেদন অনুসৰি, কুমাৰক স্থানীয় হিন্দু নেতাসকলে এজাহাৰ দাখিল নকৰিবলৈ পৰামৰ্শ দিছিল। জানিব পৰা মতে ৰাজনৈতিক সুৰক্ষাৰ বাবেই পিতাফিক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial