
অসম চৰকাৰে ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ কাৰ্যসূচীৰ অংশ হিচাপে ১৩ ৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যজুৰি ৮০ লাখ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লৈছে।
ৰাজ্যিক সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই উদ্যোগৰ সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অধীনত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ অনুষ্ঠানৰ অংশ হিচাপে অসমে ৮০ লাখ গ্ৰাম্য আৰু নগৰীয়া পৰিয়াল, চৰকাৰী প্ৰতিষ্ঠান, ব্যক্তিগত প্ৰতিষ্ঠান, বিদ্যালয় আৰু বাণিজ্যিক প্ৰতিষ্ঠানক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতৰ বাবে স্ব-সহায়ক গোটসমূহক নিযুক্ত কৰিছে। জিলা আৰু গাওঁ পৰ্যায়তো ষ্টল স্থাপন কৰিব যাতে মানুহে তেওঁলোকৰ নিকটতম স্থানত ত্ৰিৰংগা ক্ৰয় কৰিব পাৰেIৰাজ্য চৰকাৰে ‘হৰ ঘৰ তিৰঙ্গা’ কাৰ্যসূচীত মানুহৰ ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ব্যাপক সজাগতা কাৰ্যকলাপ গ্ৰহণ কৰিব।
এই উদ্যোগৰ আঁৰৰ ধাৰণাটো হ’ল মানুহৰ মাজত দেশপ্ৰেমৰ অনুভূতি কঢ়িয়াই অনা আৰু ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।এই উদ্যোগৰ অধীনত সমগ্ৰ দেশতে ২০ কোটি ত্ৰিৰংগা উত্তোলন কৰা হ’ব আৰু জনসাধাৰণৰ মনত ৰাষ্ট্ৰীয় বোধ জগাই তুলিবলৈ চেষ্টা কৰা হ’ব ।