
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSE) ১৩ জুলাইৰ ভিতৰত CBSE দশম শ্ৰেণীৰ টাৰ্ম ২ আৰু ১৫ জুলাইৰ ভিতৰত CBSE দ্বাদশ শ্ৰেণীৰ টাৰ্ম ২ ৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে।
CBSE য়ে ক্ৰমান্বয়ে ৪ জুলাই আৰু ১০ জুলাইত দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ (টাৰ্ম ২) ফলাফল ঘোষণা কৰাৰ কথা আছিল যদিও পিছুৱাই দিয়া হয় । ফলাফল মুকলি হোৱাৰ পিছত শিক্ষাৰ্থীসকলে results.gov.in আৰু cbseresults.nic.in পৰা তেওঁলোকৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীট পৰীক্ষা কৰিব পাৰে। ফলাফলবোৰ ডিজিলকাৰ আৰু উমাং এপতো উপলব্ধ হ’ব।
পৰীক্ষাৰ্থীসকলৰ ফলাফল পৰীক্ষা কৰিবলৈ প্ৰথমে অফিচিয়েল ৱেবছাইট cbseresults.nic.in আৰু results.gov.in লৈ যাব লাগিব। ৱেবছাইটটোৰ হোমপেজত CBSE টাৰ্ম ২ শ্ৰেণী ১২ ফলাফল, আৰু CBSE টাৰ্ম ২ শ্ৰেণী ১০ ৰ ফলাফল ২০২০ ৰ লিংক পাব।
ইয়াৰ পিছতেই এটা নতুন পৃষ্ঠা খুলিব। এতিয়া ইয়াত সকলো বিৱৰণ পূৰণ কৰিব লাগিব আৰু দাখিল কৰিব লাগিব। দাখিল কৰাৰ পিছতেই লাভ কৰিব CBSE টাৰ্ম ২ স্কোৰকাৰ্ড আৰু মাৰ্কশ্বীট।
এইবাৰ CBSE পৰীক্ষা দুটা কাৰ্যকালত অনুষ্ঠিত হৈছিল। পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলে প্ৰতিটো বিষয়ত কমেও ৩৩ শতাংশ নম্বৰ লাভ কৰিব লাগিব। দশম, দ্বাদশ শ্ৰেণীৰ ফলাফলত শিক্ষাবৰ্ষত প্ৰাপ্ত সংখ্যা, আভ্যন্তৰীণ মূল্যায়ন নম্বৰ, প্ৰকল্পৰ কাম, ব্যৱহাৰিক পৰীক্ষা আৰু প্ৰাক-ব’ৰ্ড পৰীক্ষাৰ বিৱৰণ থাকিব।