
নগ্ন ফটোশ্বুট কৰি বিপদত পৰিছে এতিয়া অভিনেতা ৰণবীৰ সিঙ। কিয়নো ৰণবীৰ সিঙৰ বিৰুদ্ধে দাখিল কৰা হৈছে FIR। মুম্বাইত FIR দাখিল কৰা হৈছে।
চেম্বুৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। এটা বেচৰকাৰী সংগঠন অৰ্থাৎ NGO-ই অভিনেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
ৰণবীৰ সিঙে তেওঁৰ নগ্ন ফটোশ্বুটৰ বাবে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰি আছে। বিতৰ্কও অব্যাহত আছে । এইসমূহৰ মাজতেই খবৰ পোৱা গৈছে যে মুম্বাই আৰক্ষীয়ে ৰণবীৰৰ এই ফটোশ্বুটৰ বিৰুদ্ধে এটা অভিযোগ পাইছে। ৰণবীৰ সিঙৰ বিৰুদ্ধে মহিলাৰ অনুভূতিক আঘাত কৰা বুলি অভিযোগ কৰা হৈছে।
ইতিমধ্যেই ৰণবীৰ সিঙে তেওঁৰ নগ্ন ফটোশ্বুটৰ বাবে ট্ৰ’লৰ সন্মুখীন হৈছে। এই ফটোশ্বুটৰ ফটো ভাইৰেল হোৱাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ৰণবীৰক উপহাস কৰিবলৈ আৰম্ভ কৰিছে। এইসমূহৰ মাজতেই অভিনেতাজনৰ ট্ৰলিংত তেওঁৰ শ্ৰেষ্ঠ বন্ধু অৰ্জুন কাপুৰে কৈছিল যে ৰণবীৰে যি কৰিছিল সেয়া তেওঁৰ পছন্দৰ আছিল। তেওঁলোকে যি আৰামদায়ক অনুভৱ কৰে সেয়া কৰে আৰু আমি তেওঁলোকক সন্মান কৰা উচিত।
ইফালে এক সাক্ষাৎকাৰৰ সময়ত ৰণবীৰ সিঙে কৈছিল যে মানুহে তেওঁৰ ফেশ্বন আৰু কাপোৰৰ বিষয়ে কি কৰে তাক তেওঁ গুৰুত্ব নিদিয়ে। তেওঁ যি ভাল পায় সেয়া পিন্ধে, সেই খাদ্য খায়। যদি আনৰ ইয়াত কোনো সমস্যা হয়, তেওঁৰ ক’বলগীয়া একো নাই।
ৰণবীৰ সিঙে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰদান নকৰিলেও একাংশই এই সমগ্ৰ ঘটনাক গুৰুত্বসহকাৰে লৈছে। এতিয়া এজাহাৰো দাখিল হৈছে অভিনেতাগৰাকীৰ বিৰুদ্ধে। পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৰণবীৰ সিঙে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে।