
উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ ভূমি পূজনৰ আজি দুটাকৈ বছৰ সম্পূৰ্ণ হৈছে। ২০২০ বৰ্ষৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ এই ভূমি পূজনত অংশগ্ৰহণ কৰিছিল। ভূমি পূজাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ২০২১ চনৰ ৫ আগষ্টত অযোধ্যাত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
এইবৰ্ষও আজিৰ দিনটোত সকলো ৰাম ভক্তক শুভেচ্ছা জনালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। টুইটৰ জৰিয়তে জনালে শুভেচ্ছা।
টুইটত উল্লেখ কৰিছে যে , “৫ আগষ্ট ‘হিন্দু গৌৰৱ দিৱস’। ভাৰতে আজিৰ দিনটোতে অযোধ্যাত এক সোণালী অধ্যায় সৃষ্টি কৰিছিল। শ্ৰী ৰাম মন্দিৰ ভূমি পূজনৰ দ্বিতীয় বাৰ্ষিকীত সকলো ৰাম ভক্তক শুভেচ্ছা জনাইছো। “‘জয় শ্ৰী ৰাম”।
আশা ৰখা হৈছে যে ২০২৩ চনৰ ভিতৰত অযোধ্যাত ভক্তসকলৰ বাবে ৰামলাল্লা দৰ্শনৰ ব্যৱস্থা কৰা হ’ব। আনহাতে ২০২৫ চনৰ ভিতৰত শ্ৰী ৰাম জন্মভূমি মন্দিৰ চৌহদ সম্পূৰ্ণৰূপে বিকশিত হ’ব।