ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আজি দেশত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। NDAৰ দ্ৰোপদী মুৰ্মু আৰু বিৰোধী দলৰ যশৱন্ত সিনহাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ২১ জুলাইত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব সেয়া স্পষ্ট হ’ব। অৱশ্যে NDA প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ বিজয় নিশ্চিত বুলি সকলোতেই চৰ্চা চলিছে।

আজি পুৱা ১০ বজাত এই নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ হৈছে। বিধায়ক, লোকসভাৰ সাংসদ আৰু ৰাজ্যসভাৰ সাংসদসকলে ৰাজ্যিক বিধানসভা আৰু সংসদত ভোটদান কৰিছে। ভোটদানৰ সময় পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আৰু এই ভোটদান বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছে। 

ইয়াৰ উপৰিও সংসদৰ বৰ্ষাকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। অধিৱেশনখন ১২ আগষ্টলৈকে চলিব। এই অধিৱেশনত সংসদৰ ১৮ খন বৈঠক হ’ব। এই অধিৱেশনত প্ৰায় ৩২ খন বিধেয়ক উত্থাপন কৰা হ’ব।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কৈছে যে ইয়াৰে ১৮ খন বিধেয়ক বিতৰ্ক অবিহনে গৃহীত নহ’ব। দৰাচলতে, এইবাৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত ধুমুহা বলিব বুলিও আশা কৰা হৈছে। বিৰোধীয়ে মূল্যবৃদ্ধি, নিবনুৱা আৰু অগ্নিপথৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰক সমালোচনা কৰিবলৈ সাজু হৈছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial