
NIAয়ে ISIS সম্পৰ্কীয় কাৰ্যকলাপৰ সন্দৰ্ভত সন্দেহযুক্ত লোকৰ ১৩ টাকৈ চৌহদত শেহতীয়াকৈ তালাচী চলাইছে।
ভূপাল আৰু ৰাইচেন, গুজৰাটৰ ভাৰুচ, চুৰাট, নৱসাৰী আৰু আহমেদাবাদ বিহাৰৰ আৰাৰিয়া জিলা, কৰ্ণাটকৰ ভটকল আৰু টুমকুৰ মহানগৰ জিলা, মহাৰাষ্ট্ৰৰ কোলহাপুৰ আৰু নান্দেদ জিলা আৰু উত্তৰ প্ৰদেশৰ দেওবন্দ জিলাত চলোৱা হৈছিল অভিযান।
তালাচী অভিযানত আপত্তিজনক নথিপত্ৰ/সামগ্ৰী জব্দ কৰা হৈছে। উল্লেখযোগ্য যে NIA-য়ে ২৫ জুন, ২০২২ তাৰিখে IPC-ৰ ধাৰা 153A আৰু 153B আৰু UA(P) আইনৰ ধাৰা 18B, 38, 39 আৰু 40-ৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছিল।
ইয়াৰ পূৰ্বেও তদন্ত সংস্থাটোৱে বৃহস্পতিবাৰে ফুলৱাৰী শ্বৰীফ গোচৰৰ সৈতে উগ্ৰপন্থী সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ সম্পৰ্ক থকা সন্দৰ্ভত নালন্দা জিলাকে ধৰি বিহাৰৰ একাধিক স্থানত অভিযান চলাইছিল।
যিবোৰ ঠাইত এই অভিযান চলোৱা হৈছে এই সকলোবোৰ ঠাই ভাৰতীয় সামাজিক গণতান্ত্ৰিক দলৰ ( SDPI) সৈতে জড়িত লোকসকলৰ।
যোৱা তিনি ঘণ্টা ধৰি চলোৱা অভিযানত NIA দলটোৱে সমগ্ৰ গৃহসমূহত তন্ন তন্ন কৈ অভিযান চলাইছে আৰু সকলো বোৰৰ তদন্ত চলি আছে।
বৰ্তমানলৈ বহু লোকক জিম্মাত লোৱা হৈছে। অঞ্চলটোত গধুৰ সুৰক্ষা কৰ্মী মোতায়েন কৰা হৈছে।
গৃহ মন্ত্ৰালয়ৰ সন্ত্ৰাসবাদ বিৰোধী আৰু উগ্ৰবাদ বিৰোধী বিভাগৰ দ্বাৰা জাৰি কৰা নিৰ্দেশৰ পিছতেই এই তদন্তৰ দায়িত্ব লৈছে NIA য়ে।