ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (NTA) JEE Main ছেচন-২ৰ ফলাফল প্ৰকাশ কৰিছে। ফলাফলৰ বাবে অপেক্ষা কৰি থকা শিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট jeemain.nta.nic.in দৰ্শন কৰি তেওঁলোকৰ নম্বৰ পৰীক্ষা কৰিব পাৰে। ফলাফলৰ বাবে শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখ প্ৰবিষ্ট কৰিব লাগিব। JEE Mainৰ ফলাফলত শিক্ষাৰ্থীৰ নাম, সৰ্বভাৰতীয় ৰেংক, বিষয় অনুসৰি নম্বৰ, শতাংশ নম্বৰ, ব্যক্তিগত বিৱৰণ আদি উল্লেখ কৰা হয়।

JEE Mainৰ কাটঅফও jeemain.nta.nic.in-ত মুকলি কৰা হৈছে। আনহাতে JEE এডভান্সডৰ বাবে পঞ্জীয়ন আজিৰ পৰা আৰম্ভ হ’ব। কেৱল সেই শিক্ষাৰ্থীসকলেহে JEE এডভান্সডত অংশগ্ৰহণ কৰিব পাৰে যিয়ে ২.৫ লাখৰ ভিতৰত স্থান লাভ কৰিব।

অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত যুটীয়া প্ৰৱেশ পৰীক্ষাৰ (JEE Main 2022) ফলাফল ২ টা পৰ্যায়ত প্ৰকাশ কৰা হৈছে। JEE Main 2022-ৰ প্ৰথম পৰ্যায়ৰ ফলাফল ১১ জুলাইত প্ৰকাশ কৰা হৈছিল।

এই ৱেবছাইটসমূহত ফলাফলবোৰ পৰীক্ষা কৰিব পাৰে-
nta.ac.in
ntaresults.nic.in
jeemain.nta.nic.in 

অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে JEE-Main পৰীক্ষাত কমেও ২৪ জন প্ৰাৰ্থীয়ে সম্পূৰ্ণ ১০০ নম্বৰ লাভ কৰিছে, আনহাতে পাঁচজন পৰীক্ষাৰ্থীৰ ফলাফল অন্যায় উপায় ব্যৱহাৰ কৰাৰ বাবে স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই এই তথ্য প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই জানিবলৈ দিয়া অনুসৰি পৰীক্ষাত সম্পূৰ্ণ ১০০ নম্বৰ লাভ কৰা সৰ্বাধিক সংখ্যক প্ৰাৰ্থী হৈছে অন্ধ্ৰ প্ৰদেশ, তেলেংগানা ৰাজস্থান। হাৰিয়ানা, মহাৰাষ্ট্ৰ, অসম, বিহাৰ, পঞ্জাৱ, কেৰালা, কৰ্ণাটক আৰু ঝাৰখণ্ডৰ এজনকৈ প্ৰাৰ্থীয়ে সম্পূৰ্ণ ১০০ নম্বৰ লাভ কৰিছে। 

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial