কেৰালাৰ কান্নুৰত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয়ত আক্ৰমণ।আজি ৰাতিপুৱাৰ ভাগতেই হিন্দু সংগঠন বিৰোধী দুৰ্বৃত্ত ই কৰে আক্ৰমণ। খবৰ অনুসৰি কার্যালয়ত ৰাতিপুৱা ৰ ভাগত এটা বোমা নিক্ষেপ কৰা হৈছিল। বিস্ফোৰণ ৰ ফলত ভৱনটোৰ যথেষ্ট খিনি খিৰিকীৰ কাঁচবোৰ ভাঙি থানবান হয় ।

কোনে এই আক্ৰমণ চলাইছিল আৰু কি উদ্দেশ্যৰে আক্ৰমণ কৰিছিল সেইয়া মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও একাংশ ই কব খোজে যে সংঘ কাৰ্যালয়ত আক্ৰমণ কোনে কৰে , সেই কথা ইতিহাস ৰ পাত লুটিয়ালেই ভাল কৈ অনুমান কৰিব পাৰি । উল্লেখ্য যে , কেৰেলা ত সংঘ বিৰুদ্ধে আটাইবোৰ শক্তি ৰ প্ৰাণ কেন্দ্ৰ। বামপন্থী, মুছলমান আৰু খৃষ্টান সকলৰ দ্বাৰা প্ৰতিদিনেই সংঘ ৰ কাৰ্যকৰ্তা সকল ভাবুকি খাই আহিছে । তাৰ পিছত ও নিস্বাৰ্থ ভাৱে আগবাঢ়ি আছে আৰ এছ এছ ৰ কাৰ্যকৰ্তা সকল ।

এই আক্ৰমণটো এখন আৰক্ষী থানা ওচৰত থকাৰ পিছতো সংঘটিত হৈছিল। ইয়াৰ পৰাই গম পাব পাৰি কেৰেলা ৰ বামপন্থী চৰকাৰৰ আইন ব্যৱস্থাৰ ফোপোলা স্বৰূপ । বিজেপি নেতা টম ৱাড্ডকনে এই সন্দৰ্ভত মন্তব্য কৰিছে যে এনে আক্ৰমণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে স্থানীয় প্ৰশাসন দায়বদ্ধ।

তেওঁ এইবুলিও কয় যে, “এয়া অতি আচৰিত। আইন-শৃংখলা ইমানেই হ্ৰাস পাইছে যে এতিয়া সামাজিক সংগঠনৰ কাৰ্যালয়ত বোমা নিক্ষেপ কৰা হৈছে। নাগৰিক সমাজত এইয়া একেবাৰে সহ্য কৰা নহ’ব। “

তেওঁৰ মতে, অতীতত RSS কাৰ্যালয় আৰু কৰ্মীসকলৰ ওপৰত এনে আক্ৰমণ সংঘটিত হৈছিল। এনে আইন-শৃংখলাৰ সৈতে অতি শীঘ্ৰেই মোকাবিলা কৰিব লাগিব। ইয়াৰ বাবে আৰক্ষী আৰু প্ৰশাসন দায়বদ্ধ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial