
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে RSS-ক প্ৰশংসা কৰাৰ বাবে বিৰোধীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে। মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছিল যে RSS-ৰ সকলো লোক বেয়া নহয়, RSS-ত বহুতো ভাল মানুহ আছে। RSS-ক প্ৰশংসা কৰাৰ পিছৰে পৰা শীৰ্ষ বিৰোধী দল – কংগ্ৰেছ, AIMIM, BJP আৰু বাওঁপন্থীসকলে তেওঁক তীব্ৰ আক্ৰমণ কৰে ।
মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰি কেইবাজনো শীৰ্ষ বিৰোধী নেতাই তেওঁক RSS-ৰ সমৰ্থক বুলি অভিহিত কৰিছে । উল্লেখযোগ্য যে RSS-য়ে এসময়ত মমতা বেনাৰ্জীক দেৱী দুৰ্গাৰ সৈতে তুলনা কৰাৰ উপৰিও তেওঁক সৰ্বশ্ৰেষ্ঠ বন্ধু বুলি পৰিচয় দিছিল।
AIMIM-ৰ মুৰব্বী আছাদুদ্দিন ওৱাইচিয়ে মমতা বেনাৰ্জীক আক্ৰমণ কৰি কয় যে “২০০৩ চনতো তেওঁ RSS-ক দেশপ্ৰেমী বুলি অভিহিত কৰিছিল আৰু তাৰ বিনিময়ত RSS-য়ে তেওঁক দুৰ্গা বুলি অভিহিত কৰিছিল। “
RSS-ক আক্ৰমণ কৰি ওৱাইচিয়ে কয় যে তেওঁলোকে হিন্দু ৰাষ্ট্ৰ বিচাৰে। গুজৰাটৰ দাঙ্গাৰ পিছত মমতা বেনাৰ্জীয়ে সংসদত বিজেপি চৰকাৰক ৰক্ষা কৰিছিল। উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনত পশ্চিম বংগৰ মুছলমান অধ্যুষিত সমষ্টিসমূহত ওৱাইচিৰ দলে এখনো আসনত জয়ী হ’ব পৰা নাছিল। সেই নিৰ্বাচনত, ওৱাইচিয়ে TMC আৰু বিজেপি দুয়োৰে বিৰুদ্ধে নিজকে প্ৰতিদ্বন্দিতা কৰিছিল।
CPI(M)য়েও মমতা বেনাৰ্জীক আক্ৰমণ কৰি কয় যে তেওঁ RSS-ৰ হৈ দুৰ্গাৰ ভূমিকা পালন কৰি আছে। নেতা মহম্মদ চেলিমে কয় “RSS-য়ে তেওঁক দুৰ্গা বুলি মাতিছিল আৰু তেওঁ RSS-ৰ হৈ দুৰ্গাৰ ভূমিকা পালন কৰি আছে”।
পশ্চিম বংগ কংগ্ৰেছৰ মুৰব্বী অধীৰ ৰঞ্জন চৌধুৰীয়ে মমতাক আক্ৰমণ কৰি কয়, “মমতা বেনাৰ্জীয়ে RSS-ক প্ৰশংসা কৰা এইয়া প্ৰথমবাৰৰ বাবে নহয়। মমতা বেনাৰ্জীয়ে RSS;ৰ এখন কিতাপ উন্মোচন অনুষ্ঠানত অংশ লৈছিল। তেওঁ তেতিয়াৰ বাওঁ মৰ্চাৰ চৰকাৰখন কৰ্তন কৰিবলৈ তেওঁলোকৰ সমৰ্থন বিচাৰিছিল”।